Swati Boruah   (স্বাতী বৰুৱা❣️)
43 Followers · 33 Following

শব্দৰ মালাৰে গাথিঁব বিচৰা এখন সৰু পৃথিৱী✍️
Joined 21 April 2020


শব্দৰ মালাৰে গাথিঁব বিচৰা এখন সৰু পৃথিৱী✍️
Joined 21 April 2020
21 JUN 2022 AT 21:04

ঠিক জটিল বুলিও ক'ব নোৱাৰি,
ঠিক সহজ বুলিও ক'ব নোৱাৰি ,
প্ৰত্যেকৰে জীৱনত এটা অংক থাকে।
সমাধান কৰিলে সহজ, নকৰিলে জটিল।
কেতিয়াবা জটিলকৈ ৰাখিয়েই ভাল লাগে,
সমাধানৰ অাগ্ৰহ বাঢ়ে…
থাকিব লাগে।
--স্বাতী

-


18 JUN 2022 AT 0:46

জয়াল ৰাতিৰ মৰিশালিত মোকোটো শুৱাই থোৱা হৈছিল,
নিসংগতাৰ দলিচাত মোৰোটো হেৰাই গৈছিল ঠিকনা,
ৰাতিৰ বতাহজাক লগত লৈ উশাহত মইটো সেৱন কৰিছিলো মৃত্যুৰ কামনা...
অাছিল নে কোনোবা?
হৈছিলনে গোচৰ কাৰোবাৰ?
সেই মৰিশালিতে অাজিও পৰি ৰৈছো,,
কাৰো অপেক্ষাত নহয়,,মাথো মৃত্যুৰ ক্ষণ গণিকাত।

-


9 MAY 2022 AT 1:46

এবাৰ উভতি অাহিবা নেকি?
তাহানিতে মাজনিশা লিখা কবিতাটি
অাজিও অাধৰুৱা হৈয়ে ৰ'ল।
এবাৰ উভতি অাহিবা নেকি?
তাহানিতে অামি অামাক লৈ ৰচাঁ সপোনটি
তাতে পৰি ৰ'ল।
কি জানা?
জীৱনত বহু হেৰুৱালো ,
বহু পালো,
কিন্তু অাজিও নিজক ঘূৰাই নাপালো🥀
✍️Swati

-


28 APR 2022 AT 23:43

স্বপ্ন ভংগ নিশা,
মৰাসূতিঁৰ কুমেৰুত বিসৰ্জন দিয়া নিশ্বাসবোৰে
পাৰিবনে কান্দোনৰ বিৰুদ্ধে যুজিঁব??

- Swati

-


15 APR 2022 AT 23:26

ক'ত পায় ৰাঙলী বহাগ?? কাৰ খোপাত উৰে? কাৰ হাতত হাহেঁ?? কাৰ চোতালত নাচে সেই বহাগ?? মইটো অাজি পৰ্যন্ত দেখা নাই মোৰ মন চোতালত সেই বহাগ😌 কোনোবাই সুধিছেনে? অাজিওঁ কিয় উদাস মোৰ চোতালৰ বহাগ!! অাজিওঁ সামৰি ৰাখো দিয়ক, অহাবছৰ যেন ৰাঙলী হয় তাৰে অাশাত।
---স্বাতী

-


16 MAR 2022 AT 19:49

জীৱনে নিবলৈ বিচাৰিলে নিবলৈ দিব লাগে…
য'ত লোৱাৰ সামৰ্থই নাথাকে।

-


9 MAR 2022 AT 21:48

কিমান বেছি অাশাৰ পাছত সপোন এটা সৰে?
সপোনবোৰেচোন অাজিও ৰাতিবোৰ অাজুৰে।
- স্বাতী

-


27 NOV 2021 AT 0:30

অকলশৰীয়া মূহুৰ্তবোৰতো জী উঠাৰ
দুৰ্বাৰ হেপাঁহ।
মাথো এই বাটত সাহসী পোহৰ এটিৰ
অপেক্ষাত🥀
-স্বাতী

-


26 NOV 2021 AT 0:51

অাপুনি জানেনে ? অাপুনি নাভাগৰাৰ পৰত কিমানটা বসন্ত ফুলি উঠে!
সেয়ে কওঁ নাভাগৰিব অাপুনি,,অাপুনি হয়তু নাজানে অাপুনি কিমান সাহসী।
মনত ৰাখিব ,,জ্বলি জ্বলি শেষ হোৱা নিশা এটাৰ শেষত
অাশাৰ পূৱা এটা ৰৈ থাকে অাপোনালে,সযতনে।
সপোনবোৰকো সাহসী কৰি ৰাখিব অাপোনাৰ দৰেই,,
অাপোনাক অাপোনাৰ দৰেই ৰাখি অাগুৱাই যাওঁক,,
জীৱনৰ ইমূৰে সফলতাই বাট চাই অাছে হেপাঁহেৰে।
থমকি ৰোৱাৰ পৰত পাছলে ঘূৰিলেই হাত এখন পাব অালফুলে।
ৰাজহাড়ডাল হ'ব নোৱাৰিলেও ,ৰাজহাড়ডাল পোনাই দিব পৰাকৈ।
অাকৌ কওঁ নাভাগৰিব অাপুনি🥀
--স্বাতী

-


4 NOV 2021 AT 0:07

অাঘাতপ্ৰাপ্ততাত পুনৰ অাঘাত কৰি ভালপোৱা মানুহবোৰে ভালকৈয়ে জানে প্ৰতিপাত শেলৰ তীৰ্যক দহন,,তথাপিও পুতিগন্ধময় মৰিশালিত গোলাপ চতিওৱাৰ বেহা🥀
✍️স্বাতী

-


Fetching Swati Boruah Quotes