Chakrapani Bora  
0 Followers · 1 Following

read more
Joined 7 June 2023


read more
Joined 7 June 2023
30 APR AT 15:19


তোমাৰ আগমনে বহু কথাই শিকাই গ'ল মোক
তুমি আঁতৰি যোৱাৰ দুখ নাই মোৰ আজি
কাৰণ, মই জানো প্ৰেম মানেইটো পূৰ্ণ নহয়
প্ৰেম মানেইটো নহয় প্ৰাপ্তি
প্ৰেমটো অপ্ৰাপ্তিৰো কাৰণ হʼব পাৰে
প্ৰেমটো ধ্বংসৰো আগমন‌ হʼব পাৰে
কিন্তু মনত অস্থিৰতা অলপ আছে সেই সময়ৰ...

-


30 APR AT 14:48



তুমি মোৰ কথা ভালদৰে‌ এবাৰ ভাবিটো চোৱা,
কিমান গভিৰতাত স্পৰ্শ কৰিব পাৰোঁ
সেইটো মোৰ কথা.....

-


19 APR AT 23:50

যুদ্ধ কৰিম শব্দৰে মই
চেষ্টা কৰিম শত্ৰুৰ ৰুদ্ধ কৰিবলৈ
কাব্যিক ভাষাৰে
কলমৰ নিগৰিত শব্দত
বহুত শক্তি আছে
যি পলকতে প্ৰভাৱ বিস্তাৰ
কৰিব পাৰে দূৰ-দিগন্তলৈ...

-


19 APR AT 23:18

হাঁহি এটা পিন্ধি লোৱা ওঁঠত আৰু পাৰিলে
চেষ্টা কৰিবা সেই হাঁহিয়ে যেন
নতুনত্ব দিব পাৰে
শত-সহস্ৰজনৰ হৃদয়ত....

-


19 APR AT 23:06

কেতিয়াবা তেনেকৈ মোলৈ চায়ো হাঁহিবাচোন
কিজানি যৌবনপ্ৰাপ্ত দেহত
শিহৰণৰ সৃষ্টি হয়েই.....

-


17 APR AT 22:13

সময় পালে কেতিয়াবা আহিবা...
স্মৃতি হৈ ৰৈ থাকিম মই আধৰুৱা কাহিনী হৈ
সময় হ'লে মোৰ কথাও কেতিয়াবা ভাবিবা,
কিজানি ক্ষন্তেকৰ বাবে হৃদয়ৰ
গভীৰতাত প্ৰেমৰ উন্মেষ ঘটেই...
এই নিৰ্ভেজাল হাঁহিটো কিন্তু নেৰিবা
তুমি যেন হেৰাই নোযোৱা এই ব্যস্ত পৃথিৱীত
তুমি দূৰ আকাশত জিলিকি থাকা তৰা হৈ ‌
ইয়াৰ পৰাই তোমাক চাব বিচাৰো মই..
পাহৰি নাযাবা কিন্তু
এই ৰ্নিলাজ প্ৰেমিকক.....✨
তোমাক হয়তো পাহৰিব নোৱাৰিম
এক অপ্ৰাপ্তিৰ প্ৰনয় হৈ সদায় থাকিবা
মন আকাশত....

Chakrapani Bora










-


12 OCT 2023 AT 23:57

তোমাৰ হাঁহিভৰা মুখখন দেখিলেই জানা
মোৰ হৃদয়ত অলেখ স্বপ্নৰ উদ্ভৱ হয়
শৰীৰত এক অৱৰ্ণনীয় অনুভূতিৰ জন্ম হয়
তোমাৰ লাজুকীয়া হাঁহিৰ সৌন্দর্যত প্রতিহত কৰো জীৱনৰ সকলো দুখ-বেদনা...
তোমাক দেখা পালেই ক্ষন্তেকৰ বাবে
স্তব্ধ হৈ যায় সকলো
তোমাৰ হৰিণীনয়না দুচকুত
এক নব প্রাপ্তিৰ সন্ধান পাওঁ
মোৰ উজাগৰি প্ৰতিটো নিশাৰ
কাৰণ কেৱল মাথো তুমিয়েই...

কিজানি এয়াই প্রেম ?

-


1 SEP 2023 AT 19:32

সদায় নিজক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিবা, চিন্তাধাৰাবোৰ সদায় ধনাত্মক কৰিবা আৰু চেষ্টা কৰিবা পাৰিলে নিজৰ মুখত এটা হাঁহি ৰাখিবলৈ....
দেখিবা জীৱনটো তোমাৰ বাবে
যথেষ্ট সুন্দৰ হৈ পৰিছে....

-


20 AUG 2023 AT 22:52

কৃষ্ণচূড়া বা এজাৰৰ দৰে
ৰঙচঙীয়া হ'ব মই নিবিচাৰোঁ
বিচাৰোঁ মাথো শেৱালীৰ দৰে সুগন্ধি
বিলাবলৈ তোমাৰ হৃদয়ৰ গভীৰতাত......

-


3 AUG 2023 AT 0:05

I like the lonelyness
Because, they teach
us to know ourselves as well as others
It teaches us to understand
ourselves better
It teaches us to accept
reality away from dreams
It teaches us to recognize mistakes and
It teaches us to embrace the newness.....

-


Fetching Chakrapani Bora Quotes