তোমাৰ নামত
কি লিখিম তোমাৰ নামত
তুমিতো এটি মধুৰ শব্দ,
হৃদয়ত ঢৌ হৈ ভাঁহি অহা এটি গান
তুমি থাকিলে আন্ধাৰতো পোহৰে পায় প্ৰাণ,
সপোনৰো শক্তি বাঢ়ে
সিও পাৰ হৈ যায় সীমা
মাথো থাকে অযুত মৰম আৰু ভালপোৱা,
নীৰৱে বৈ যায় খং,অভিমান আৰু ভয়
তোমাৰ নামত উশাহক উপহাৰ হিচাপে দিব খোজো মই,
তুমি আহিলে লাজে বেৰি ধৰা মনটোক সান্তনা দিয়ে চোন সাহসে
বতাহজাকৰো ঠেহ লাগি চকুলো তুকে বৰষুণৰ সৈতে,
হৃদয়ে বিচাৰিলে অনুভৱক তোমাৰ নাম সুধি চাম
তোমাক নাপালেও তোমাৰ নামেৰেই আজীৱন জীয়াই যাম।
-