চেনেহৰ ঘুংগ্ৰু,,,
মৰম ল'বা ।
আশা কৰিছো তোমাৰ ভাল,কিন্তু মোৰ বেয়া
আচলতে চিঠিখন দিয়াত পলম হ'ল।
জনাম জনাম বুলি ভাবি থকা কথাবোৰ
ইমানকৈ জমা লাগিল যে
বদহজমী হৈ যাব এতিয়া
যদি মই কোৱাত আকৌ সময় লগাওঁ..
মৰমৰ শিকলি ভাঙি চিঙি মোহাৰি
বাৰিষাৰ ঢল বোৱাব এতিয়া..
তুমি নিশ্চয় লক্ষ্য কৰিছা
শব্দবোৰ মই তেনেই শিথিল ব্যবহাৰ কৰিছো।
তোমাৰ আকৌ ইমান পঢ়া শুনা নাই যে;
দাঁত ভঙা শব্দকেইটা ব্যবহাৰ কৰিনো কি লাভ
যদি তাত লুকাই থকা মৰম তুমি বিচাৰি নোপোৱা।
নহয় জানো?
যিয়ে যি ভাষা বুজে তাক সেইমতেই ক'ব লাগে..
বচ্ এটায়ে মিনতি;
তুমি যেন মোৰ সংগ নেৰা কাহানিও
মনোমোহা ঝুন-ঝুন ধ্বনিয়ে যাতে
মোৰ আকাশ বতাহ কঁপাই থাকে...
বুজিছা!!
এইখিনিয়ে আৰু..
বুকুৰ উখল-মাখল খিনি দূৰ কৰিলো..
আনে নুবুজিলেও তোমালৈ থকা মোৰ স্নেহ
বুজিবা বুলি আশা ৰাখিলোঁ।
আজিলৈ ইমানেই।
ইতি,
তোমাৰ আজন্ম প্ৰেমিকা..
-